🙏ভগৱানে কিয় অকল ধুতি পিন্ধে🙏


যদি ভগৱান বোৰে অকল ধুতি পিন্ধে তাত কবলগীয়া একো নাই , কিন্তু অকল ধুতিয়েই কিয় পিন্ধে সেইটোত হে প্ৰশ্ন আছে । 

         এটা সাধাৰণ প্ৰশ্ন মোৰ; ভগৱান পৃথিবীৰ সিষ্টিৰ পূৰ্বৰ পৰাই আছে আৰু ভৱিষ্যতেও থাকিব হয়টো। কিন্তু ধুতিখনেই কিয় অকল । মই জনাত যিটো সময়ত ভগৱানৰ এই ৰূপ , আকাৰ ধাৰণা কৰা হৈছিল সেইটো সময়ৰ মানুহে পিন্ধনত অকল দীঘল কাপোৰ মেৰিয়াই পিন্ধিছিল,অৰ্থাৎ ধুতি ধৰণৰ কাপোৰ আৰু ওপৰৰ অংশটো এখন চেলেং চাদৰ নিচিনা কাপোৰ। তেতিয়া ভগৱানৰ এই ৰূপ ধাৰণা কৰা হৈছিল কাৰণে বাৰু ধুতি বা চুৰীয়াৰে আলোক চিত্ৰ অংকন কৰিছিল বা বনালে। 

           কিন্তু বৰ্তমানেও যদি ভগৱান আছে তেন্তে তেওঁলোকেওটো সময়ৰ লগত পৰিবৰ্তন হব । যেতিয়া গোটেই পিঠিবিখনেই পৰিবৰ্তন হৈ বেলেগ বেলেগ ৰূপ ললে তেন্তে ভগৱানৰ কাপোৰ বোৰৰটোও পৰিবৰ্তন হব। যদি হবই তেন্তে আমি এই কথা কোনেও কেতিয়াও কতো কোৱা নাই কিয় । আচলতে কৰোঁ সাহস নাই। আমাৰ সমাজ খনেই এনেকুৱা। কোনো যাতে এইবোৰ কথা হৃদয়ত নলয় মই মাথোঁ মোৰ ভাৱ বোৰ আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ।

         মোৰ আৰু এটা কথা আছে । যদি ভগৱান বোৰ নিস্বাৰ্থ , তেন্তে ভগৱানক পূজা কৰোঁতে দান কিয় দিও আমি। বেলি দিয়া প্ৰথা কথা টো নকৌয়েই আৰু। কিবা এটা ভগৱানক মনত খুজিলেও মানুহে সেইটো কাম  হলে মন্দিৰত বা নামঘৰত গৈ কিবা দিম বুলি মনতে ভাবে । কিন্তু কিয় ভাবে ; ভগৱান টো কোৱা নাই মোক তাৰ বদলি এইটো লাগিব বুলি। আমিয়াই  ভগৱানক স্বাৰ্থপৰ বনাইছো নেকি। আচলতে এইটো মানুহৰ ভুল বহুত ডাঙৰ ভুল ধাৰণা। ভগৱানে যদি লোভ কৰিল হয় তেন্তে তেওঁলোকক  ভগৱান নহও মানুহ বুলি কলে    হেঁতেন কাৰণ লোভ মানুহৰ থাকে । ভগৱানটো পৰামজনা হয়, তেওঁলোকে মাথোঁ নিৰ্ভেজাল শ্ৰদ্ধা আৰু ভক্তি বিচাৰে  অন্য একো নহয়। মই ভাবো মানুহে নিজৰ মনৰ শান্তিৰ বাবে ভগৱানৰ নাম লৈ তেওঁৰ নামত দাগ লগাই।

       ভগৱান সকলোৰে চিন্তাত আছে, হৃদয়ত আছে , না কি হাজাৰ হাজাৰ km গৈ টকা পইচা খৰচ কৰি মন্দিৰত পূজা কৰাত আছে।ভক্তি মনত থাকিব লাগে মন্দিৰত নহয় । মন্দিৰ টো এটা মাথোঁ ভগৱান আছে বুলি মনত পেলাই থকা স্থান হয়।

      নতুন চিন্তাৰে নতুন আবেগেৰে সমাজখন আগুৱাই যাব লাগে।
(কাপোৰৰ কথা টো ইনেই লিখিছিলোঁ ভাবি আছিলোঁ লিখি দিলোঁ




NOTE:- PERSONAL INFORMATION